January 3, 2026 7:20 PM

views 87

বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে দুৰ্ঘটনাত আহত ট্ৰেক্টৰখনৰ চালক ধনন বড়োকো গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে বাক্সা জিলাৰ বাৰেঙাবাৰী মায়ংপাৰাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী ট্ৰেক্টৰ চালক গুৰুতৰভাৱে আহত হৈছে। ...

January 3, 2026 7:17 PM

views 59

কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়

কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত পঞ্চদশ বিত্ত আয়োগৰ অধীনত ২০২৪-২৫ বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত কৰা হয়। সভাত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কামৰূপ জিলা পৰিষদৰ সদস্য, সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে।

January 3, 2026 7:15 PM

views 69

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজন কাটিমাৰী গ্ৰাণ্টৰ আব্দুল দুলাল আৰু ছেলিমা বেগম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা আঢ়ৈ কিলোগ্ৰাম ভাং জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা কৰি আছে।

December 29, 2025 4:46 PM

views 46

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত

● দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ল'ৰাৰ শাখাত ২৪ টা দলে আৰু ছোৱালীৰ শাখাত ১৫ টা দলে ভাগ লৈছে। কালি কোৱাৰ্টাৰ ফাইনেলৰ সামৰণিত ছোৱালীৰ শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ল'ৰাৰ শাখাত বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

December 29, 2025 11:54 AM

views 68

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

December 29, 2025 11:52 AM

views 66

গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা

ধেমাজী জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্রেমী ৰাইজৰ সৈতে ৰাইজৰ সৈতে মত বিনিময় কৰে।

December 29, 2025 11:44 AM

views 73

নগাঁও জিলাৰ কলিয়াবৰত ২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশন

নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেল-পথাৰত অহা ২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী তথা ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শ‍ইকীয়াই প্ৰকাশ কৰা মতে এই সমাৰোহত আলোচনাচক্র, কবি সন্মিলন, প্রতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে এহেজাৰ ১১১ খন অনলাইন গ্ৰন্থ উন্মোচন কৰা হ'ব। লেখিকা সমাৰোহ সমিতিৰ স্বর্ণজয়ন্তী উপলক্ষে নাট্যকাৰ- পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ...

December 29, 2025 11:32 AM

views 63

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক ...

December 29, 2025 12:03 PM

views 55

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে'ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ...

December 27, 2025 9:00 PM

views 53

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সমাৰোহত ২২ খন জিলাৰ প্ৰায় ৫ হাজাৰ শিশুৱে অংশগ্ৰহণ কৰিছে। আজি পুৱা ৭৫ খন পতাকা উত্তোলন, কুচকাৱাজ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই অংশগ্ৰহণ কৰে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন প্রদর্শনী, সাহিত্য প্রতিযোগিতা, তর্ক প্রতিযোগিতা আদি অনুষ্ঠিত হয়।