সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সমাৰোহত ২২ খন জিলাৰ প্ৰায় ৫ হাজাৰ শিশুৱে অংশগ্ৰহণ কৰিছে। আজি পুৱা ৭৫ খন পতাকা উত্তোলন, কুচকাৱাজ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই অংশগ্ৰহণ কৰে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন প্রদর্শনী, সাহিত্য প্রতিযোগিতা, তর্ক প্রতিযোগিতা আদি অনুষ্ঠিত হয়।
Assamese | December 27, 2025 9:00 PM | Akashvani | Akashvani News | Local news | Maina Parijat
সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন