কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। জিলা দুখনত যোৱা ২৩ ডিচেম্বৰত বন্ধ কৰি দিয়া ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল ৰখাৰ বাবে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে কালি এটা নিৰ্দেশ জাৰি কৰে ।
Assamese | December 29, 2025 11:32 AM | Akashvani | Akashvani Guwahati | Local news | West Karbi Anglong
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল