June 10, 2026 1:14 PM

views 31

নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক ধুবুৰীৰ পকছ’ আদালতৰ ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ধুবুৰীৰ পকছ’ আদালতে কালি নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ধুবুৰীৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ তথা বিশেষ পকছ’ আদালতৰ ন্যায়াধীশ আলহাজ ছাবিনা মজুমদাৰে এই ৰায় দিয়ে।

June 10, 2026 12:52 PM

views 39

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্রহণ কৰে। প্ৰতিযোগিতাত ১৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

June 9, 2026 8:13 PM

views 31

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয়। সুদীর্ঘ কাল বনাঞ্চলখনত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন-২০০৬ ৰ অধীনত মাটিৰ পট্টা বিতৰণ কৰাৰ লগতে গাওঁখনক মথুৰাম টেৰাং নামেৰে স্বীকৃতি প্ৰদান কৰা হয়। বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক সূৰ্য্য ৰংফাৰে ৯০ গৰাকী ব্যক্তিক আজি এই মাটিৰ পট্টা বিতৰণ কৰে।

June 9, 2026 6:55 PM

views 49

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্রম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাওঁ পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটিয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত ৩ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ ব...

June 8, 2026 7:06 PM

views 33

তুলিৰাম ৰংহাঙে কার্বি আংলঙত নিৰ্মাণ হ’বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙে আজি পাহাৰীয়া জিলাখনত নিৰ্মাণ হ'বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ প্ৰস্তাৱিত জলবিদ্যুৎ প্রকল্প কার্যকৰী হ'লে জিলাখনৰ আৰ্থসামাজিক উন্নয়ন হ'ব বুলি আশা প্রকাশ কৰে। এই পর্যালোচনা সভাত মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব কে কে দ্বিৱেদী, সাংসদ, বিধায়ক, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু জিলা আয়ুক্ত উপস্থিত থাকে।

June 8, 2026 7:01 PM

views 34

শোণিতপুৰ জিলাৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক

শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন লোকজন শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ফটাচিমলু নিবাসী বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা ৪০টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰিছে।

January 24, 2026 8:28 PM

views 98

নগাঁৱৰ সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ দেহাৱসান

নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

January 24, 2026 8:21 PM

views 121

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

January 24, 2026 7:58 PM

views 75

ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত

ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে ১৯৬৫ চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স...

January 24, 2026 7:54 PM

views 118

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।...