কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয়।

সুদীর্ঘ কাল বনাঞ্চলখনত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন-২০০৬ ৰ অধীনত মাটিৰ পট্টা বিতৰণ কৰাৰ লগতে গাওঁখনক মথুৰাম টেৰাং নামেৰে স্বীকৃতি প্ৰদান কৰা হয়।

বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক সূৰ্য্য ৰংফাৰে ৯০ গৰাকী ব্যক্তিক আজি এই মাটিৰ পট্টা বিতৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।