March 17, 2025 7:29 PM

views 45

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ

গুৱাহাটী মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অবাধে চলি থকা পাহাৰ খনন আৰু কৃত্ৰিম বান ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়ে তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ ইক' ডেভলপমেণ্ট ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰ...

March 6, 2025 7:47 PM

views 52

উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শৰীৰৰ বাবে ক্ষতিকাৰক ফৰ্মেল ডিহাইদযুক্ত মাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি গুৱাহাটীৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স...

February 17, 2025 8:04 PM

views 61

বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ ...

February 17, 2025 7:32 PM

views 69

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে য়াৰেজুংলা লংকুমেৰ শপত গ্ৰহণ

য়াৰেজুংলা লংকুমেৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়া, অধিবক্তাসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা কোনো উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা শ্ৰীমতী লং...

February 17, 2025 6:54 PM

views 50

অনলাইন বিত্তীয় অনিয়মৰ গোচৰত ৩ জন অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ থ...

February 17, 2025 5:59 PM

views 50

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

February 14, 2025 7:52 PM

views 59

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে উমৰাংচুৰ কয়লাখনিৰ ঘটনাক লৈ ইতিমধ্যে ৰুজু হোৱা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ সৈতে অন্যান্য গোচৰসমূহ একত্ৰিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত এই বিষয়ত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনখনো মূল গোচৰৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে।...

February 13, 2025 9:00 PM

views 33

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেন জুংলা লংকুমেৰক নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়িক বিষয়া য়াৰেন জুংলা লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি নিযুক্তি প্ৰদান কৰিছে। মন্ত্ৰালয়ে দেশৰ আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবেও আজি নতুন ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়ে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৪ জানুৱাৰীত লংকুমেৰৰ লগতে এগৰাকী অধিবক্তাৰ নাম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল ।

February 8, 2025 1:23 PM

views 36

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্তিত আহোম ৰাজত্বকালৰ কীৰ্তি চিহ্নসমূহক সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ তিনি এপ্ৰিলত ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ বা...

February 7, 2025 6:52 PM

views 50

উমৰাংছুৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থজড়িত শুনানিত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল

উমৰাংছুৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে।