February 13, 2025 9:00 PM

views 51

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেন জুংলা লংকুমেৰক নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়িক বিষয়া য়াৰেন জুংলা লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি নিযুক্তি প্ৰদান কৰিছে। মন্ত্ৰালয়ে দেশৰ আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবেও আজি নতুন ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়ে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৪ জানুৱাৰীত লংকুমেৰৰ লগতে এগৰাকী অধিবক্তাৰ নাম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল ।

February 8, 2025 1:23 PM

views 49

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্তিত আহোম ৰাজত্বকালৰ কীৰ্তি চিহ্নসমূহক সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ তিনি এপ্ৰিলত ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ বা...

February 7, 2025 6:52 PM

views 65

উমৰাংছুৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থজড়িত শুনানিত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল

উমৰাংছুৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে।

January 29, 2025 12:46 PM

views 86

উমৰাংছ’ৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত কালি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱস...

January 7, 2025 1:16 PM

views 60

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ আজি শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি আজি পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। শুনানি কালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্রত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে...

January 6, 2025 6:25 PM

views 53

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ কাইলৈ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি কাইলৈ পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যাযালয়ত চলি থকা শুনানিৰ অংশ হিচাপে আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয় পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। আজি শুনানি কালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্রত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য...

December 24, 2024 3:40 PM

views 75

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব।উল্লেখযোগ্য যে, ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কার্যকলাপ, বলপূর্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকা বুলি সংয...

December 21, 2024 8:11 PM

views 64

পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে শোণিতপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান কৰিছে। ইতিমধ্যে নিলম্বিত হৈ থকা শ্ৰীমেধিক ৫৫ বছৰ বয়সত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ন্যায়িক বিভাগে অৱসৰ প্ৰদান কৰে। অৱশ্যে এই সন্দৰ্ভত ন্যায়িক বিভাগে জাৰি কৰা নিৰ্দেশনাটোত প্রাক্তন ন্যায়াধীশগৰাকীৰ বাধ্যতামূলক অৱসৰৰ কাৰণ উল্লেখ কৰা হোৱা নাই ।

December 19, 2024 7:18 PM

views 60

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা ৩ আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লেখ আবেদন সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে ১৭ ডিচেম্বৰত এই নিৰ্দেশ জাৰি কৰে। আবেদনকাৰী সকলে কোনো এটা অঞ্চলত বৃহৎ জনসংখ্যা একেখন পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও সংশোধিত বিধিৰ ব...

December 17, 2024 8:20 PM

views 66

ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সন্দৰ্ভত ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলী বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পেটা ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে ম'হ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি দি ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশাৱলী বাতিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি ন্যায়াধীশ দেৱাশীস বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে বিতং তথ্য দাঙি ধৰি কয়, যে ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজে পশু হিংস্রতা প্ৰতিৰোধ আইন উলংঘা কৰিছে। বুলবুলি চৰাইৰ যুঁজে অতিৰিক্তভাৱে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ উলংঘা কৰা বুলিও জ্যেষ্ঠ অধিবক্তাগৰ...