গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি আজি পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। শুনানি কালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্রত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভিন্ন আসোঁৱাহৰ অভিযোগ তুলি একাংশ লোকে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নির্দেশ দিছিল। আজি পুনৰ এই গোচৰসমূহৰ শুনানি লোৱা হ’ব।
Assamese | January 7, 2025 1:16 PM | Guwahati High Court
পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ আজি শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ