আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্তিত আহোম ৰাজত্বকালৰ কীৰ্তি চিহ্নসমূহক সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ তিনি এপ্ৰিলত ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি পুৰাতত্ব সঞ্চালকে বিগত বৰ্ষৰ ২৯ আগষ্টত ঐতিহাসিক কীর্তি চিহ্নসমূহ চিনাক্ত কৰাৰ বাবে জৰীপ চলি আছে বুলি শপতনামা দাখিল কৰিছিল। ইয়াৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে ছমাহৰ ভিতৰত এই জৰীপ প্রক্রিয়া সম্পন্ন কৰি কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।
Assamese | February 8, 2025 1:23 PM | Guwahati High Court
আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ