April 4, 2025 12:15 PM | Guwahati High Court

printer

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ কৰিছে। পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ অন্তত ন্যায়ালয়ে এই ৰায় দিয়ে। ইয়াৰ পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্য চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি পূৰ্বৰ স্থগিতাদেশ খাৰিজ কৰে। শিক্ষা বিভাগে যোৱা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ সম্পূৰ্ণ কৰিছিল আৰু ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰাত নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে। অৱশেষত ন্যায়ালয়ে এই স্থগিতাদেশ আঁতৰোৱাত ৫ হাজাৰ ৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাটো নিশ্চিত হৈছে।