গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ পৰিপ্ৰেক্ষিতত তিনিওজন অভিযুক্তই কাৰাগাৰৰ পৰা মুকলি হ’ব পৰা নাছিল। আজি উচ্চ ন্যায়ালয়ে এই গোচৰটোত জামিন নাকচ কৰে।
Assamese | February 17, 2025 8:04 PM | Akashvani News | Guwahati High Court | Online Trading
বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ