গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শৰীৰৰ বাবে ক্ষতিকাৰক ফৰ্মেল ডিহাইদযুক্ত মাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি গুৱাহাটীৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। আবেদনখনৰ শুনানি কালত মীন বিভাগৰ আয়ুক্ত আৰু সচিবে এখন শপতনামা দাখিল কৰি এই ক্ষেত্ৰত এলানি নিৰ্দেশাৱলী প্ৰস্তুত কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। নিৰ্দেশাৱলী অনুসৰি চালানী মাছত শৰীৰৰ বাবে ক্ষতিকাৰক দ্ৰব্যৰ পৰীক্ষাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কার্যবাহিনীৰ ওপৰত দায়িত্ব অর্পণ কৰা বুলিও ন্যায়ালয়ক অৱগত কৰে। ন্যায়ালয়ে চালানী মাছৰ সন্দৰ্ভত কোনো ব্যক্তি বা সংগঠনে অভিযোগ দিলে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কার্যবাহিনীক তাৎক্ষণিকভাৱে ব্যৱস্থা ল‘বলৈও নির্দেশ দিয়ে।
Assamese | March 6, 2025 7:47 PM | Guwahati High Court
উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ