July 15, 2025 12:31 PM

views 75

আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়...

July 11, 2025 6:04 PM

views 64

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদৰ কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে ১৯৪ গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী পক্ষৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে প্ৰস্তাৱিত উচ্ছেদ অভিযানত কোনো স্থগিতাদেশ জাৰি নকৰিলে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ে অহা ২১ জুলাইত লেখ আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। উচ্চ ন্যায়ালয়ে লগত...

July 5, 2025 12:30 PM

views 85

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

● উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা ১ জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্যায়িক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ শৰ্মাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এই চাৰিগৰাকী ব্যক্তিৰ নিযুক্তিৰ ক্ষেত...

June 24, 2025 8:28 PM

views 55

শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আদালতত চলি থকা শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

June 19, 2025 11:38 AM

views 59

বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব

■ অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রকাশ কৰিছে। বিদেশী ঘোষিত গোৱালপাৰাৰ হাছিনুৰ নামৰ লোকজনক মোকলাই দিবলৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা আৰক্ষীক নিৰ্দেশ দিছে। ২০১৮ চনত বিদেশী ন্যায়াধীকৰণে হাছিবক বিদেশী ঘোষণা কৰাৰ পাছত দুবছৰ ধৰি ডিটেনচন কেম্পত কাৰাৰুদ্ধ হৈ আছিল। ২০২১ চনত উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে হাছিনুৰৰ জামিন মঞ্জুৰ কৰিছিল যদিও শেহতীয়াকৈ গোৱালপাৰা ...

May 27, 2025 6:33 PM

views 53

কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শ্বামিমা জাহানৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীমতী শ্বামিমা জাহানে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপতগ্ৰহণ কৰিব। কাইলৈ দিনৰ ১০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণয়ে শ্ৰীমতী জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব।

May 20, 2025 12:43 PM

views 53

ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান

২০০৮ চনত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান কৰিছে। ২০০৮ চনত উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা দুটা ষ্টেনোগ্রাফার পদত অৰ্হতাহীন দুজন প্রার্থীক ভুৱা তথ্য দাখিলেবে অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভত এগৰাকী বঞ্চিত প্রার্থীয়ে দাখিল কৰা গোচৰৰ ৰায়দানত দুজনীয়া বিচাৰপীঠে দুয়োগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰে। ন্যায়ালয়ে পদ দুটাৰ বাবে নতুনকৈ বিজ্ঞাপন দি সঠিক নিযুক্তি প্ৰক্ৰিয়াৰে যোগ্য প্রার্থীক নিযুক্তি দিবলৈ নিৰ্দেশনা...

May 6, 2025 6:57 PM

views 59

মাছুম ইউচুফ আহমেদ আৰু তনবীৰ ইউচুফ আহমেদৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজ্যৰ অসামৰিক সেৱা বিষয়া মাছুম ইউচুফ আহমেদ আৰু ভূমি ৰাজহ সেৱা বিষয়া তনবীৰ ইউচুফ আহমেদৰ জামিন নাকচ কৰে। মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত বিষয়া দুজনে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু সমগ্ৰ বিষয়টোক লৈ শুনানি গ্রহণৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে তেওঁলোকৰ জামিন নাকচ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে।

April 9, 2025 7:59 PM

views 67

কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি

চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চাকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰ পদ খালী হৈ আছিল।

April 9, 2025 10:58 AM

views 85

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নির্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ৫৬ টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোথানখোমাৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ...