● উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা ১ জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্যায়িক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ শৰ্মাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এই চাৰিগৰাকী ব্যক্তিৰ নিযুক্তিৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিলে তেওঁলোকৰ নিযুক্তি কাৰ্যকৰী হ’ব।
Assamese | July 5, 2025 12:30 PM | Akashvani | Akashvani Guwahati | Guwahati High Court | Supreme Court of India
গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন