গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে ১৯৪ গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী পক্ষৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে প্ৰস্তাৱিত উচ্ছেদ অভিযানত কোনো স্থগিতাদেশ জাৰি নকৰিলে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ে অহা ২১ জুলাইত লেখ আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। উচ্চ ন্যায়ালয়ে লগতে পুনসংস্থাপনৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত বন বিভাগে গোচৰীয়া লোকসকলৰ বাবে বিকল্প আশ্ৰয় আৰু পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা কৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে। চৰকাৰে কাইলৈৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু হৈছে বুলি আমাৰ স্থানীয় সংবাদদাতাই জানিবলৈ দিছে।
Assamese | July 11, 2025 6:04 PM | Akashvani Guwahati | Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদৰ কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই