২০০৮ চনত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান কৰিছে। ২০০৮ চনত উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা দুটা ষ্টেনোগ্রাফার পদত অৰ্হতাহীন দুজন প্রার্থীক ভুৱা তথ্য দাখিলেবে অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভত এগৰাকী বঞ্চিত প্রার্থীয়ে দাখিল কৰা গোচৰৰ ৰায়দানত দুজনীয়া বিচাৰপীঠে দুয়োগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰে। ন্যায়ালয়ে পদ দুটাৰ বাবে নতুনকৈ বিজ্ঞাপন দি সঠিক নিযুক্তি প্ৰক্ৰিয়াৰে যোগ্য প্রার্থীক নিযুক্তি দিবলৈ নিৰ্দেশনা দিয়ে।
Assamese | May 20, 2025 12:43 PM | Guwahati High Court
ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান