■ অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রকাশ কৰিছে। বিদেশী ঘোষিত গোৱালপাৰাৰ হাছিনুৰ নামৰ লোকজনক মোকলাই দিবলৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা আৰক্ষীক নিৰ্দেশ দিছে। ২০১৮ চনত বিদেশী ন্যায়াধীকৰণে হাছিবক বিদেশী ঘোষণা কৰাৰ পাছত দুবছৰ ধৰি ডিটেনচন কেম্পত কাৰাৰুদ্ধ হৈ আছিল। ২০২১ চনত উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে হাছিনুৰৰ জামিন মঞ্জুৰ কৰিছিল যদিও শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে ২৫ মে’ত লোকজনক পুনৰ গ্ৰেপ্তাৰ কৰে। ইয়াৰ বিৰুদ্ধে হাছিনুৰৰ পৰিয়ালে ন্যায়ালয়ত লেখ আবেদন জনোৱাৰ পাছত ন্যায়ালয়ে কয়, যে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ অধীনত আটকাধীন লোক এজনৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাটো আদালতৰ দায়িত্ব। উচ্চ ন্যায়ালয়ে বিদেশী ঘোষিত হাছিনুৰক কোকৰাঝাৰৰ সপ্তম আৰক্ষী বেটেলিয়নৰ হ’ল্ডিং চেণ্টাৰৰ পৰা মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। ২০ জুনত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে।
Assamese | June 19, 2025 11:38 AM | Akashvani Guwahati | Guwahati High Court
বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব