ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে উমৰাংচুৰ কয়লাখনিৰ ঘটনাক লৈ ইতিমধ্যে ৰুজু হোৱা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ সৈতে অন্যান্য গোচৰসমূহ একত্ৰিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত এই বিষয়ত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনখনো মূল গোচৰৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে। ইপিনে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে অবৈধ কয়লাখনন ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত উচ্চ ন্যয়ালয়ত এখন শপতনামা দাখিল কৰিছে। অবৈধ কয়লাখনন সন্দৰ্ভত ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত শপতনামা দাখিল কৰিব নোৱাৰিলে আজিৰ শুনানিত অসম চৰকাৰৰ প্ৰধান সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সোঁ-শৰীৰে হাজিৰ হ’বলৈ উচ্চ ন্যায়ালয়ে পূর্বতে এখন শুনানি যোগে নিৰ্দেশ জাৰি কৰিছিল। এনে কঠোৰ নিৰ্দেশৰ পাছতে চৰকাৰে এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰে বুলি সংশ্লিষ্ট অধিবক্তাই জানিবলৈ দিয়ে।
Assamese | February 14, 2025 7:52 PM | Akashvani Guwahati | coal mine | Guwahati High Court
ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব