December 26, 2025 9:01 PM

views 53

কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে কয়লা খনি মুকলি কৰাৰ বাবে থকা প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবে কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কয়লা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সংশোধনে খনিৰ কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰক্ৰিয়াগত আঁসোৱাহসমূহ দূৰ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এটা কয়লা খনি মুকলি কৰাৰ বাবে কয়লা খনিৰ স্বত্বাধিকাৰীসকলে কয়লা মহানিয়ন্ত্রক সংস্থাৰ আগতীয়া অনুমতি ল'ব লাগে। এই সংশোধনীৰ জৰিয়তে পূৰ্বৰ এই নিয়ম বাতিল কৰা হৈছে।

November 24, 2025 8:00 PM

views 56

কয়লা নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান ৰাজহ সংগ্ৰহ হৈছে শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম খনিজ উন্নয়ন নিগমক নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নির্দেশ দিছে। ডিমা হাচাও উমৰাংছ'ৰ অবৈধ কয়লাখনিত ৯ জন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল যোথানথুমা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে ৰাজ্যৰ কয়লা খননত অনুমতি দিয়াৰ নামত আৰু কয়লা খননৰ...

February 14, 2025 7:52 PM

views 65

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে উমৰাংচুৰ কয়লাখনিৰ ঘটনাক লৈ ইতিমধ্যে ৰুজু হোৱা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ সৈতে অন্যান্য গোচৰসমূহ একত্ৰিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত এই বিষয়ত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনখনো মূল গোচৰৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে।...

February 7, 2025 6:52 PM

views 57

উমৰাংছুৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থজড়িত শুনানিত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল

উমৰাংছুৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে।

January 9, 2025 8:32 PM

views 76

উমৰাংছ’ৰ কয়লা খনিৰ আৱদ্ধ শ্ৰমিকৰ সন্ধান অব্যাহত

যোৱা সোমবাৰে উমৰাংছ'ৰ তিন কিল'ৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ তিনি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কার্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্রমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি কালিয়েই ঘোষণা কৰিছে। বিশাখাপট্টনমৰ নৌ সেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে আজিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে ...

January 8, 2025 9:11 PM

views 60

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্রমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ ২১ জন ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্রমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূর্ণকৈ উলিয়াই পঠিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্...

January 8, 2025 1:38 PM

views 77

প্ৰতিকূল পৰিস্থিতিৰ মাজতো উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনা ডুবাৰু, এন ডি আৰ এফ, এছ ডি আৰ এফে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান অব্যাহত ৰাখিছে। যোৱা নিশা প্ৰতিকূল বতৰৰ বাবে কিছু সময়লৈ এই অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। উল্লেখযোগ্য যে কালিৰে পৰা ক'ল ইণ্ডিয়াৰ এটা দলেও উদ্ধাৰ অভিযানত সহযোগ কৰি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কয়লা মন্ত্রী জি কিষাণ ৰ...

January 7, 2025 1:40 PM

views 57

উমৰাংছ’ত কয়লাখনিত ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত

 ডিমাহাচাও জিলাৰ উমৰাংছ’ত ৩০০ ফুট দ’ এটা কয়লাখনিত দ্রুতগতিত পানী সোমোৱাৰ ফলত আৱদ্ধ হৈ পৰা কমেও ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয়, যে দলটোৱে কৰা অনুমান অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে। শ্রমিকসকলক উদ্ধাৰৰ বাবে বিশাখাপট্টনমৰ পৰা বিমানেৰে অহা উদ্ধাৰকাৰীসকল শীঘ্ৰে সেই স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ঘটনাস্থলীত এন ডি আৰ এফ আৰু এছ ডি আৰ এফেও অভিযা...