ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্রমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ ২১ জন ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্রমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূর্ণকৈ উলিয়াই পঠিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তিন কিল’ৰ খনি দুৰ্ঘটনাত পতিত শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত কালিৰে পৰা ক’ল ইণ্ডিয়াৰ এটা দলেও অভিযান চলাই আছে।
Assamese | January 8, 2025 9:11 PM | Akashvani News | Assam | coal mine | umrangso coal mine
উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ