April 16, 2025 2:24 PM

views 68

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি বিক্ষোভ প্রদর্শন

নেচনেল হেৰল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছে। দলটোৰ নেতাসকলে এই কার্যক উদ্দেশ্যপ্রণোদিত আৰু ৰাজনৈতিক আক্রোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীসকলে নেচনেল হেৰল্ড গোচৰত দলটোৰ শীৰ্ষ দুগৰাকী নেতাৰ বিৰুদ্ধে ই-ডিৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায়। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে নে...

April 15, 2025 8:10 PM

views 58

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সংস্থাৰ অভিযোগনামা দাখিল

বিধি বলবৎকাৰী সংস্থাই নেচনেল হেৰল্ড গোচৰত ক'লা ধন বৈধকৰণৰ অভিযোগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত কংগ্ৰেছ নেতা চেম পিট্‌'ডা আৰু সুমন ডুবেৰ নামো অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ন্যায়াধীশে আজি এই অভিযোগনামাখন চালি-জাৰি চাই অহা ২৫ এপ্রিল বিষয়টোৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰে। মাত্র ৫০ লাখ টকাত এছ'ছিয়েটেড জাৰ্ণেলছ লিমিটেডৰ সম্পত্তি হস্তগত কৰা বুলি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্য জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে ...

February 17, 2025 8:41 PM

views 74

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...

February 10, 2025 6:55 PM

views 64

দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ ছোনিয়া গান্ধীৰ আহ্বান

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিবেশনৰ শূণ্য কালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় ১৪ কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ কৰে। লোকপিয়ল যথাসম্ভৱ শীঘ্ৰেই সম্পন্ন কৰিবলৈকো তেওঁ দাবী জনায়। নেত্ৰীগৰাকীয়ে লগতে খাদ্য সুৰক্ষা অগ্ৰাধিকাৰৰ বিষয় নহয়, বৰঞ্চ এয়া নাগৰিকসকলৰ মৌলিক অধিকাৰ বুলি মত প্ৰকাশ কৰে।

January 28, 2025 5:49 PM

views 56

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

দিল্লীত ৭০ খন আসনবিশিষ্ট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলি আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৰোড শ্ব', ঘৰে ঘৰে প্ৰচাৰ, জনসভা আদিৰ জৰিয়তে ভোট দাতাক আকর্ষণ কৰিবলে চেষ্টা চলাইছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বৰপুৰ আৰু কস্তুৰবা নগৰ সমষ্টিত ৰোড শ্বত ভাগ ল'ব। শ্রী শ্বাহে কালকাজি অঞ্চলত এখন জনসভাতো অংশগ্ৰহণ কৰিব। বিজেপিয়ে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰক প্ৰতিফলন কৰা আন এটা নিৰ্বাচনী প্ৰচাৰ গীত মুকলি কৰে। গীতটোত কণ্ঠ দিছে সাংসদ মনোজ ...

December 14, 2024 3:31 PM

views 51

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ মৃত্যু

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ আজি চেন্নাইত মৃত্যু হয়। ইৰ'দ পূব সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৭৫ বছৰীয়া নেতা গৰাকী দীৰ্ঘদিনধৰি অসুস্থ হৈ আছিল। ২০০৪ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২০০৪ ৰপৰা ২০০৯ চনলৈকে কেন্দ্রীয় বস্ত্র মন্ত্ৰী আছিল।

November 2, 2024 7:57 PM

views 58

কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি

বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ ওচৰত কৰ্মচাৰীক দৰমহা আদায়ৰ বাবেও পৰ্য্যাপ্ত ধন নাই আৰু কৰ্ণাটকৰ পৰিস্থিতিও অনুৰূপ। কংগ্ৰেছক সমালোচনা কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, কংগ্ৰেছ কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহয়। ড০ ত্রিবেদ...

October 22, 2024 2:58 PM

views 55

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

কংগ্ৰেছে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি মন্ত্ৰী ৰামেশ্বৰ ওৰাৱনে লোহাড়দাগা আৰু দলৰ জ্যেষ্ঠ ডা০ অজয় কুমাৰে জামছেদপুৰ পূব বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ঝাৰখণ্ডৰ মন্ত্ৰী ডা০ ইৰফান আনছাৰীক তেওঁৰ বৰ্তমানৰ সমষ্টি জামতাৰাৰ পৰা প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰিছে।

October 13, 2024 8:57 PM

views 73

মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছেঃ শাৰদ পাৱাৰ

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী- এছ পিৰ মুৰব্বী শাৰদ পাৱাৰে আজি কৈছে যে, মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছে আৰু ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ ফলাফলত জনসাধাৰণৰ আশা-আকাংক্ষা বাৰুকৈয়ে প্রতিফলিত হ'ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। মুম্বাইত আজি মহা বিকাশ অঘাড়ী মিত্ৰজোটৰ এখন যুটীয়া সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। এসময়ত দেশৰ সর্বোৎকৃষ্ট ৰাজ্য প্ৰশাসন হিচাপে বিবেচিত প্রশাসন ব্যৱস্থাৰ মনোবল মহায়ুতিৰ শাসনকালত সম্পূৰ্ণৰূপে ভাঙি যায় বুলি তেওঁ লগতে দাবী কৰে। মহা ব...

October 9, 2024 5:52 PM

views 49

ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠখনে অহা ৬ নৱেম্বৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগে যে ৰাহুল গান্ধীয়ে নিজকে ব্ৰিটেইনৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে এই আবেদনখন দাখিল কৰিছিল।