বিধি বলবৎকাৰী সংস্থাই নেচনেল হেৰল্ড গোচৰত ক’লা ধন বৈধকৰণৰ অভিযোগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত কংগ্ৰেছ নেতা চেম পিট্’ডা আৰু সুমন ডুবেৰ নামো অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ন্যায়াধীশে আজি এই অভিযোগনামাখন চালি-জাৰি চাই অহা ২৫ এপ্রিল বিষয়টোৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰে। মাত্র ৫০ লাখ টকাত এছ’ছিয়েটেড জাৰ্ণেলছ লিমিটেডৰ সম্পত্তি হস্তগত কৰা বুলি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্য জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে সাংসদ সুব্রমণিয়ান স্বামীয়ে ২০১৪ চনত অভিযোগ দাখিল কৰাৰ পাছত বিধি বলবৎকাৰী সঞ্চালকালয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। সাংসদগৰাকীয়ে এছ’ছিয়েটেড জাৰ্ণেলছ লিমিটেডৰ সম্পত্তিৰ মূল্য দুহেজাৰ কোটি টকাৰো অধিক হ’ব বুলি অভিযোগ উত্থাপন কৰিছে। এই তদন্তৰ অংশ হিচাপে ২০২২ চনত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক জেৰা কৰা হৈছিল ৷
Assamese | April 15, 2025 8:10 PM | Congress | ED FIR
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সংস্থাৰ অভিযোগনামা দাখিল