কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিবেশনৰ শূণ্য কালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় ১৪ কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ কৰে। লোকপিয়ল যথাসম্ভৱ শীঘ্ৰেই সম্পন্ন কৰিবলৈকো তেওঁ দাবী জনায়। নেত্ৰীগৰাকীয়ে লগতে খাদ্য সুৰক্ষা অগ্ৰাধিকাৰৰ বিষয় নহয়, বৰঞ্চ এয়া নাগৰিকসকলৰ মৌলিক অধিকাৰ বুলি মত প্ৰকাশ কৰে।
Assamese | February 10, 2025 6:55 PM | Congress | Parliament House | Sonia Gandhi
দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ ছোনিয়া গান্ধীৰ আহ্বান