July 14, 2025 3:09 PM

views 57

নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰৰ ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত আদালতৰ

■ নেশ্যনেল হেৰাল্ডৰ ক'লা ধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। এই বিষয়টো কংগ্ৰেছৰ নেতাকেইগৰাকীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰৰ ক'লা ধন বৈধকৰণৰ উত্থাপিত অভিযোগ সন্দৰ্ভত পৰিপূৰক অভিযোগনামাৰ সাক্ষ্য প্রমাণ গ্ৰহণৰ সৈতে জড়িত।অভিযুক্তসকলে অভিযোগনামাৰ সত্যাসত্য নিৰূপ...

February 10, 2025 6:55 PM

views 54

দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ ছোনিয়া গান্ধীৰ আহ্বান

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিবেশনৰ শূণ্য কালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় ১৪ কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ কৰে। লোকপিয়ল যথাসম্ভৱ শীঘ্ৰেই সম্পন্ন কৰিবলৈকো তেওঁ দাবী জনায়। নেত্ৰীগৰাকীয়ে লগতে খাদ্য সুৰক্ষা অগ্ৰাধিকাৰৰ বিষয় নহয়, বৰঞ্চ এয়া নাগৰিকসকলৰ মৌলিক অধিকাৰ বুলি মত প্ৰকাশ কৰে।

April 4, 2024 6:47 PM

views 51

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।