■ নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। এই বিষয়টো কংগ্ৰেছৰ নেতাকেইগৰাকীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰৰ ক’লা ধন বৈধকৰণৰ উত্থাপিত অভিযোগ সন্দৰ্ভত পৰিপূৰক অভিযোগনামাৰ সাক্ষ্য প্রমাণ গ্ৰহণৰ সৈতে জড়িত।অভিযুক্তসকলে অভিযোগনামাৰ সত্যাসত্য নিৰূপণ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ আবেদনৰ বিৰোধিতা কৰি অভিযোগ অস্বীকাৰ কৰিছে৷ বিধি বলবৎকাৰী সংস্থাটোৱে নেশ্যনেল হেৰাল্ডৰ প্রকাশক এছ’চিয়েটেড জাৰ্নেৰ্লছ লিমিটেডৰ সম্পত্তি প্ৰৱঞ্চনামূলকভাৱে অধিগ্ৰহণ কৰা দুহেজাৰ কোটি টকাৰো অধিক ক’লা ধন ইয়ং ইণ্ডিয়ানৰ দ্বাৰা সৰবৰাহ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ একাধিক নেতা ইয়ং ইণ্ডিয়ান কোম্পানীটোৰ অংশীদাৰ বুলি উল্লেখ কৰা হৈছে।
Assamese | July 14, 2025 3:09 PM | Akashvani News | Rahul Gandhi | Sonia Gandhi
নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰৰ ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত আদালতৰ