বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ ওচৰত কৰ্মচাৰীক দৰমহা আদায়ৰ বাবেও পৰ্য্যাপ্ত ধন নাই আৰু কৰ্ণাটকৰ পৰিস্থিতিও অনুৰূপ। কংগ্ৰেছক সমালোচনা কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, কংগ্ৰেছ কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহয়। ড০ ত্রিবেদীয়ে কয় যে, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বিবৃতিৰ পৰা দলটোৰ হাতলৈ ধন গ’লে সেই সম্পদ জনসাধাৰণৰ বাবে সম্পদ আৰু সমৃদ্ধি হোৱাৰ পৰিৱৰ্তেযে বিপৰ্য্যয়ৰূপেহে পৰিগণিত হয় সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে, জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ক্ষমতালৈ আহিলে ধন লুণ্ঠন কৰে আৰু জনসাধাৰণক বুনিয়াদী সুবিধাৰ পৰা বঞ্চিত কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকান খাৰ্গেই কৰ্ণাটকৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰক আর্থিকভাৱে ৰূপায়ণ কৰিব পৰা ধৰণৰহে প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ সঁকিয়াই দিয়াৰ পাছত বিজেপিয়ে এইদৰে মন্তব্য কৰিছে।
Assamese | November 2, 2024 7:57 PM | BJP | BJP Congress | Congress
কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি