কংগ্ৰেছে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি মন্ত্ৰী ৰামেশ্বৰ ওৰাৱনে লোহাড়দাগা আৰু দলৰ জ্যেষ্ঠ ডা০ অজয় কুমাৰে জামছেদপুৰ পূব বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ঝাৰখণ্ডৰ মন্ত্ৰী ডা০ ইৰফান আনছাৰীক তেওঁৰ বৰ্তমানৰ সমষ্টি জামতাৰাৰ পৰা প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰিছে।
Assamese | October 22, 2024 2:58 PM | Congress | Election | Jharkhand
ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ