August 1, 2025 9:23 PM

views 51

২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ ২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীনচিতীয়া পৰিচালক হিচাপে পৰিচিত- অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজ যোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

August 1, 2025 8:24 PM

views 74

ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এনে ধৰণৰ মন্তব্যক ভালেমান বিৰোধী নেতাইও গৰিহণা দিছে। তেওঁ লগতে বিৰোধী দলসমূহক চলিত লোকসভা আৰু ৰাজ্যসভা অধিবেশনৰ কাৰ্যক্ৰমণিকাত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰিছে। শ্ৰীৰিজিজুৱে কয় যে সদন মিলিত হোৱাৰ সময...

August 1, 2025 8:09 PM

views 110

২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ধানবাদস্থিত ভাৰতীয় খনি বিদ্যালয়, আই আই টি-আই এছ এম, ধানবাদৰ ৪৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি শ্ৰীমতী মুৰ্মুৱে প্ৰতিষ্ঠানখনৰ কৃতি শিক্ষাৰ্থীসকলক এই আহ্বান জনায়। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে এগৰাকী ছাত্ৰক ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্রদান কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাৰ গৌৰৱপূৰ্ণ শতবৰ্ষ উপলক্ষে এ...

August 1, 2025 7:02 PM

views 74

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কাৰ্যসূচী

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধান বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্নয়ন বিষয়াসকল, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে সহযোগিতা আগবঢ়ায়।

August 1, 2025 6:56 PM

views 30

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে আজি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত টাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত প্ৰতিষ্ঠা কৰা টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰালটো মুকলি কৰি অনাগত দিনত অসমৰ সকলো ভাষা সাহিত্য সংস্কৃতিৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এই সংগ্ৰহালয় আৰু পুঁথিভঁৰালটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্রকাশ কৰে। টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয়...

August 1, 2025 6:46 PM

views 77

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিকভাৱে পোৰ্টেল মুকলি

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পোৰ্টেল মুকলি কৰে। পোৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৫ ছেপ্তেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৫.৩০ বজাত হ'বলগীয়া ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হ...

August 1, 2025 6:39 PM

views 47

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্...

August 1, 2025 6:31 PM

views 25

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আজি আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়। অভিযোগ অনুসৰি কয়াকুছিৰ এজন লোকৰ ভূমি সংক্রান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডল জনে প্রথমে ২০ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। ভুক্তভোগী লোকজনে এই কথা জনাই দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত শাখাটোৰ এটা দলে অভিযান চলাই লাট মণ্ডলজনক উৎকোচ লৈ থকাৰ সময়তে কৌশলেৰে ধৰা পেলায়। পাছত আৰক্ষীয়ে অভিযুক্ত আনোৱা...

July 28, 2025 6:44 PM

views 46

কাছাৰ আৰক্ষীৰ অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ

অসম আৰক্ষীয়ে মাদক দ্ৰৱ্য বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰমূল্য ৬ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰিছে।

July 28, 2025 6:39 PM

views 51

ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ

শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু যমুনাৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ দাবী কৰে। সংগঠনটোৱে লগতে ৰংঘৰ চৌহদৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে জল নিষ্কাষণ ব্যৱস্থা উন্নত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।