ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে আজি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত টাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত প্ৰতিষ্ঠা কৰা টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰালটো মুকলি কৰি অনাগত দিনত অসমৰ সকলো ভাষা সাহিত্য সংস্কৃতিৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এই সংগ্ৰহালয় আৰু পুঁথিভঁৰালটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্রকাশ কৰে। টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰালটো প্ৰয়াত ভাষাবিদগৰাকীৰ কৃতি আৰু কৃতিত্ব স্মৃতি বিজড়িত বহুকেইপদ সমল আৰু জনগোষ্ঠীয় ভাষা সাহিত্যৰ গৱেষণালব্ধ মূল্যৱান গ্ৰন্থৰে সঁজোৱা হৈছে। গোগামুখৰ কৃষ্টি ভৱনত আয়োজিত এই অনুষ্ঠানতে সাহিত্যিক য়েছে দৰজে ঠংছিক প্ৰথমটো বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটাৰে সন্মান জনোৱা হয়। একেটা অনুষ্ঠানতে সাহিত্যিক পংকজ কুমাৰ দত্তক লাঙাদেউ গ্ৰন্থখনৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰদান কৰা হয়। পৰৱৰ্তী বৰ্ষত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটাৰ লগতে ভাষা বিষষক গৱেষণাৰ বাবে ফেল’শ্বিপো আগবঢ়োৱা হ’ব বুলি ন্যাসে জানিবলৈ দিছে।
Assamese | August 1, 2025 6:56 PM | Akashvani Guwahati | Akashvani News | Tauram Taid
ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি