ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধান বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্নয়ন বিষয়াসকল, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে সহযোগিতা আগবঢ়ায়।
Assamese | August 1, 2025 7:02 PM | Akashvani Guwahati | Assam Agriculture
ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কাৰ্যসূচী