July 28, 2025 6:31 PM

views 54

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনে আজি জিলাখনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অশোক সিংহলে তেওঁৰ ভাষণত কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আইনৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়া লোকক...

July 28, 2025 6:06 PM

views 48

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথৰ যোগাযোগ ব্যাহত

কামৰূপ জিলাৰ লংতুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথটো এতিয়াও মুকলি হোৱা নাই। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত শনিবাৰৰপৰা পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পথটো বন্ধ হোৱাৰ ফলত কাষৰীয়া জনজাতীয় অঞ্চলৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে।

July 28, 2025 5:33 PM

views 47

দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতপ্রোতভাৱে জড়িত আছিল। অসম চৰকাৰৰ উদ্যোগত আজি এই মহান নেতা গৰাকীৰ পূণ্য তিথি দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অ...

July 24, 2025 8:24 PM

views 46

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৬ জুলাই, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ৷

July 24, 2025 7:43 PM

views 39

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে আজি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয়াবৰ্গই অংশগ্রহণ কৰা এই পর্যালোচনা বৈঠকত ড° গৌড়ে কেন্দ্ৰসমূহৰ অনুষ্ঠানশৈলীত অভিনৱত্ব সংযোগেৰে বিজ্ঞাপন আহৰণৰ অধিক প্রয়াস চলাবলৈ বিষয়াবৰ্গক নির্দেশ দিয়ে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰোতাসকলৰ উপযোগীকৈ অনুষ্ঠানসমূহ অধিক আকর্ষণীয় কৰি তুলিব পাৰিলেহে বিজ্ঞাপনৰ জৰিয়তে এই কেন্দ্ৰসমূহে উপাৰ্জন কৰিব পাৰিব। কাইলৈ বিয়লি ড° পা...

July 24, 2025 7:18 PM

views 53

ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্রী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই প্রথমেই ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচন...

July 24, 2025 6:48 PM

views 60

মঙলদৈ চহৰৰ ২ নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দৰং আৰক্ষীয়ে মঙলদৈ চহৰৰ দুই নম্বৰ ৱাৰ্ডত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ এগৰাকী মহিলা। অধিক তথ্যৰ বাবে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

July 24, 2025 6:42 PM

views 49

গুৱাহাটীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ ৩জন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ

দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ তিনিজন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰে। দিছপুৰ ছুপাৰ মাৰ্কেটৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গৌতম শিরু লীনা, মহম্মদ সমীৰ আৰু অমন আছে সিন্দে নামৰ ব্যক্তি তিনিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

July 23, 2025 8:56 PM

views 77

বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কামৰূপ আৰক্ষীৰ

কামৰূপ আৰক্ষীয়ে আজি বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযান ড্ৰাগছখিনি জব্দ কৰা হয়।

July 23, 2025 8:50 PM

views 74

গুৱাহাটী ৰে’ল ষ্টেছনক দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে’ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত

গুৱাহাটী ৰে'ল ষ্টেছনটো দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে'ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিষয়াবৰ্গ আৰু ৰঙিয়াৰ পৰিষদৰ অনুমোদিত পুনৰ ব্যৱহাৰযোগ্যকৰণ সংস্থাৰ প্ৰতিনিধিবর্গৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠককখনত ৰে'ল ষ্টেছন আৰু ইয়াৰ পৰিসৰৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিক আৱৰ্জনা উপযুক্তভাৱে পৃথকীকৰণ, টুকুৰা-টুকুৰ কৰা, পৰিষ্কাৰকৈ ধোৱা আৰু পুনৰ ব্যৱহাৰৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত বৰ্তম...