July 23, 2025 8:35 PM

views 44

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাওঁ কেন্দ্রই জাজৰিৰ ঘনস্মৃতি প্রাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাওঁ কেন্দ্ৰৰ মুৰব্বী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কেইবাগৰাকীও বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ অংশ হিচাপে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত ভিন্নসুৰী অনুষ্ঠানত দক্ষিণ জাজৰি অঞ্চলৰ মহিলা আৰু শিশুসকলে বিয়া নাম, দিহা নাম, কবিতা আবৃত্তি...

July 23, 2025 8:20 PM

views 63

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ-A ৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ- এৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী হৈছে। মৰিগাঁৱৰ ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় দিনা মৰিগাঁৱে তিতাবৰ ক্ৰিকেট সন্থাক এক ইনিংছ আৰু ৩৪ ৰানত পৰাস্ত কৰি বোনাছসহ সম্পূর্ণ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাৰ কাইলৈৰ পৰা হ'বলগীয়া খেলত নগাঁও জিলাই কাৰ্বি আংলঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

July 23, 2025 7:22 PM

views 82

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে গুৱাহাটীত কর্মশালা অনুষ্ঠিত

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন কর্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ উদ্যোগত আয়োজিত এই কর্মশালাত সমল ব্যক্তিসকলে ফর্টিফাইড অর্থাৎ পুষ্টিবর্ধক চাউলক প্লাষ্টিক চাউল বুলি চলা অপপ্ৰচাৰকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক অৱগত কৰায়। কৰ্মশালাত ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ জ্য...

July 23, 2025 7:19 PM

views 66

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২৬ জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৭ জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব।

July 23, 2025 6:41 PM

views 34

পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শিলচৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান

শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়।

July 23, 2025 6:37 PM

views 62

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত কবিতা পদ্মনাভনে শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰেই সমাধান নিৰ্দেশ দিয়ে সচিবগৰাকীয়ে শিলচৰ পৌৰ নিগমৰ অধীনৰ ব্যস্ত বজাৰ এলেকা, ৰাজপথ, ডাম্পিং গ্রাউণ্ড আৰু নগৰৰ সীমান্ত অঞ্চলৰ পৰিদৰ্শন কৰ...

July 23, 2025 6:33 PM

views 42

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

● মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ নাট ৰচনা আৰু মঞ্চস্থ কৰিছিল।

July 23, 2025 4:02 PM

views 37

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। ১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুন তাৰিখে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম অল ইণ্ডিয়া ৰেডিঅ' ৰখা হয় আৰু পিছলৈ ইয়াৰ নাম আকাশবাণী হয়। আকাশবাণীয়ে বছৰ বছৰ ধৰি ব্যাপক প্ৰসাৰতাৰে সকলো শ্ৰোতাৰ মাজত নিজৰ এটা সুকীয়া স্থান গঢ়ি ...

July 19, 2025 12:32 PM

views 55

গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

● গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত আয়োজিত এই প্রতিযোগিতাৰ ল'ৰাৰ ১৪ বছৰ অনুৰ্থ শাখাত অসমৰ নিব্ৰাছ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক ৬-২, ৬-২ ব্যাৱধানত পৰাস্ত কৰাৰ উপৰি ডাবলছত অসমৰ চন্দ্ৰ মোহান্তিৰ সৈতে যুটী বান্ধি বিহাৰৰ ৰিক ৰাউট আৰু অবিনাশ ৰয়ক ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে । ইপিনে অসমৰ কৃষ্টি হালৈয়ে ডাবলছৰ ১২ বছৰ অনুৰ্থ শাখাৰ ফাইনেলত কৰ্ণাটকৰ আনিশ...

July 19, 2025 12:28 PM

views 60

উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্রীড়া সন্থা তথা ডিব্ৰুগড় ক্রীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। মণিপুৰৰ প্ৰশিক্ষক ছানাটোম্বা সিঙে প্রশিক্ষণ দি থকা আৰু শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ ৩০ জুলাইলৈ চলিব। কালি প্ৰশিক্ষণৰ অষ্টম দিনটোত প্ৰশিক্ষকগৰাকীয়ে প্ৰশিক্ষাৰ্থী তথা অভিভাৱকসকলৰ সৈতে এখন সৌহার্দ্যপূর্ণ সভাত অংশগ্ৰহণ কৰে ৷