ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাওঁ কেন্দ্রই জাজৰিৰ ঘনস্মৃতি প্রাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাওঁ কেন্দ্ৰৰ মুৰব্বী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কেইবাগৰাকীও বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ অংশ হিচাপে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত ভিন্নসুৰী অনুষ্ঠানত দক্ষিণ জাজৰি অঞ্চলৰ মহিলা আৰু শিশুসকলে বিয়া নাম, দিহা নাম, কবিতা আবৃত্তি আদি পৰিবেশন কৰে।
Assamese | July 23, 2025 8:35 PM | Akashvani | Akashvani Guwahati | Local news | Public Broadcasting day
ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন