ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন কর্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ উদ্যোগত আয়োজিত এই কর্মশালাত সমল ব্যক্তিসকলে ফর্টিফাইড অর্থাৎ পুষ্টিবর্ধক চাউলক প্লাষ্টিক চাউল বুলি চলা অপপ্ৰচাৰকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক অৱগত কৰায়। কৰ্মশালাত ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ জ্যেষ্ঠ কাৰ্যসূচী বিষয়া গীতাশ্রী ফুকন, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিদ্যাগুৰু ড° মানস প্রতীম শৰ্মা, ৰাষ্ট্ৰসংঘৰ নতুন দিল্লীস্থিত পৰিপুষ্টি আৰু বিদ্যালয় আহাৰ যোগান আঁচনিৰ মুৰববী ড° চাৰিকা ইউনুছ আৰু খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক মিলি দাসে অংশগ্রহণ কৰে। উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক ড° অলংকাৰ কৌশিকে আঁত ধৰা এই কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজিৰ কৰ্মশালাৰ উদ্দেশ্য সম্পৰ্কত ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ জ্যেষ্ঠ সদস্য ভাস্কৰজ্যোতি ভূঞাই ব্যাখ্যা আগবঢ়ায়।
Assamese | July 23, 2025 7:22 PM | Akashvani Guwahati | Guwahati
ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে গুৱাহাটীত কর্মশালা অনুষ্ঠিত