আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ ২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীনচিতীয়া পৰিচালক হিচাপে পৰিচিত- অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল’ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।
এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজ যোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ’ব।
Assamese | August 1, 2025 9:23 PM | Akashvani Guwahati | Akashvani News | Dristipat
২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান