বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আজি আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়। অভিযোগ অনুসৰি কয়াকুছিৰ এজন লোকৰ ভূমি সংক্রান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডল জনে প্রথমে ২০ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। ভুক্তভোগী লোকজনে এই কথা জনাই দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত শাখাটোৰ এটা দলে অভিযান চলাই লাট মণ্ডলজনক উৎকোচ লৈ থকাৰ সময়তে কৌশলেৰে ধৰা পেলায়। পাছত আৰক্ষীয়ে অভিযুক্ত আনোৱাৰ হুচেইনক গ্ৰেপ্তাৰ কৰে।
Assamese | August 1, 2025 6:31 PM | Akashvani Guwahati | Akashvani News | Local news
বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়