প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসগৃহত কালি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল, ধর্মেন্দ্ৰ প্ৰধান, কিৰেন ৰিজিজু, ডাঃ এছ জয়শংকৰ আৰু চিৰাগ পাছৱানে এই বৈঠকত অংশগ্ৰহণ কৰে। ২৪ জুনত আৰম্ভ হ’বলগীয়া সংসদৰ অধিৱেশনৰ পূৰ্বে এই বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ পিছত গঠন হোৱা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, সদনৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰপতিয়ে উভয় সদনক উদ্দেশ্যি ভাষণ দিব। ৰাজ্যসভাৰ অধিৱেশন অহা ২৭ জুনত আৰম্ভ হ’ব। অহা ৩ জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব।
Assamese | June 19, 2024 12:49 PM | Rajnath Singh
ৰাজনাথ সিঙৰ বাসগৃহত বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত