নতুন দিল্লীৰ শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্রী মোদীয়ে সমাৱেশত ভাষণ দিব।

শ্ৰীৰাম কলেজ অৱ কমার্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্রতিষ্ঠান। বাণিজ্য, অর্থনীতি আৰু ব্যৱস্থাপনাৰ বিশিষ্ট কেন্দ্ৰ এই মহাবিদ্যালয়খন ১৯২৬ চনত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক ছাৰ শ্ৰীৰামে স্থাপন কৰিছিল। এই মহাবিদ্যালয়খনে বিগত শতিকাত ভালেসংখ্যক উচ্চ শিক্ষাৰে শিক্ষিত প্রশাসক, উদ্যোগপতি, নীতি নির্ধাৰক তথা জাতি নির্মাতাক গঢ়ি তুলিছিল।

শতবার্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আজি শিক্ষক দিৱসো পালন কৰা হ’ব। এই অনুষ্ঠানত প্ৰজন্মক গঢ় দিয়া আৰু সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক সন্মান জনোৱা হ’ব।