September 5, 2026 10:09 AM

views 27

নতুন দিল্লীৰ শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্রী মোদীয়ে সমাৱেশত ভাষণ দিব। শ্ৰীৰাম কলেজ অৱ কমার্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্রতিষ্ঠান। বাণিজ্য, অর্থনীতি আৰু ব্যৱস্থাপনাৰ বিশিষ্ট কেন্দ্ৰ এই মহাবিদ্যালয়খন ১৯২৬ চনত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক ছাৰ শ্ৰীৰামে স্থাপন কৰিছিল। এই মহাবিদ্যালয়খনে বিগত শতিকাত ভালেসংখ্যক উচ্চ শিক্ষাৰে শিক্ষিত প্রশাসক, উদ্যোগপতি, নীতি নির্ধাৰক তথা জাতি নির্মাতাক গঢ়ি তুলিছিল। শতবার্ষিকী উদয...