■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা হ’বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। এইখন হ’ব ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ’বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। সকলো ৰাজ্যৰ ৰাজ্যপালে এই সন্মিলনত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ধর্মেন্দ্ৰ প্ৰধান, শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ আৰু ড০ মনসুখ মন্দাভিয়া প্ৰমুখ্যে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মিলনত ভাগ ল’ব। নীতি আয়োগৰ উপাধক্ষ্য তথা মুখ্য কাৰ্যবাহী বিষয়া, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু গৃহ মন্ত্ৰ্যালয়ৰ কেবিনেট সচিবেও বৈঠকত অংশ ল’ব। সন্মিলনৰ কাৰ্যসূচীত তিনিখন ফৌজদাৰী আইনৰ ৰূপায়ণ, উচ্চ শিক্ষাখণ্ডৰ সংস্কাৰ আৰু বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰসমূহৰ উন্নয়নৰ লেখীয়া বিষয়সমূহে স্থান লাভ কৰিব। বিভিন্ন অভিযানৰ ক্ষেত্ৰত ৰাজ্যপালৰ ভূমিকা আৰু ৰাজ্যত বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ মাজত উন্নত সমন্বয়ৰ দৰে আন ভালেমান গুৰুত্বপূৰ্ণ বিষয় লৈ সন্মিলনত আলোচনা কৰা হ’ব।
Assamese | August 2, 2024 8:12 AM | Droupadi Murmu
ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত ৰাষ্ট্ৰপতি মুৰ্মুৱে অধ্যক্ষতা কৰিব