প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি পতাকা জোকাৰি ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি সম্পূৰ্ণ দেশত নির্মিত বন্দে ভাৰত ৰেলগাড়ীকেইখন মিৰাট-লক্ষ্ণৌ, মাদুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰকইলৰ মাজত চলাচল কৰিব। উত্তৰ প্রদেশ, তামিলনাডু আৰু কৰ্ণাটকত চলাচল কৰিবলগা এই বন্দে ভাৰত তীব্ৰ বেগৰ ৰেলগাড়ীকেইখনে জনসাধাৰণক বিশ্বমানৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব। বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ চলাচলে নিয়মীয়া যাত্ৰী, ব্যৱসায়ী, বৃত্তিধাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক এটা নতুন মানদণ্ডসম্পন্ন ৰেলসেৱা প্ৰদান কৰিব ।
Assamese | August 30, 2024 9:06 PM | PM Modi
কাইলৈ ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ