প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হ’বলৈ দেশৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে দেশ-বাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশৰ গেছ উৎপাদন ২৮ দশমিক ৭ বিলিয়ন ঘন মিটাৰ আছিল আৰু ২০২৩-২৪ বৰ্ষত ৩৬ দশমিক ৪-৩ বিলিয়ন ঘন মিটাৰলৈ গেছ উৎপাদন বৃদ্ধি হৈছে। তেওঁ কয় যে ২০২৬ চনত গেছ উৎপাদন ৪৫ দশমিক ৩ বিলিয়ন ঘন মিটাৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিগত মাহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰতত পেট্ৰ’লৰ দাম হ্ৰাস হৈছে আৰু চুবুৰীয়া দেশত পেট্ৰ’লৰ দাম বৃদ্ধি হৈছে।
Assamese | August 5, 2024 12:10 PM | PM Modi
দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ পদক্ষেপ বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ