প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব । ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসমুক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই এই কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয় যে অধিবেশনৰ সময়ছোৱাত ১০৩ শতাংশ কার্য সম্পন্ন হয়। এই অধিবেশনত মুঠ ৫৩৯ গৰাকী সাংসদে শপত গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা ২৪ জুনত আৰম্ভ হোৱা এই অধিবেশন আজি সমাপ্ত হোৱাৰ কথা আছিল।
Assamese | July 3, 2024 1:14 PM | PM Modi
ৰাজ্যসভাত আজি প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব