অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোবেল আজি জার্মানীলৈ যাব। ভাৰত-জার্মানী কৌশলগত সহযোগিতাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জার্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত শ্রীগোৱেলে জার্মানীৰ শক্তি মন্ত্রী কেথবিনা বীচেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ‘ব। এই বৈঠকত হ‘বলগীয়া আলোচনাত ভাৰত আৰু জার্মানীৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ‘ব। শ্রীগোৱেলে লগতে তৃতীয় বার্লিন গোলকীয় আলোচনাত ভাগ ল‘ব। ভ্রমণকালত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জার্মান মিটেলষ্টেণ্ড কোম্পানীসমূহৰ মুখ্য কাৰ্য্যবাহী বিষয়াসকলৰ সৈতে হ‘বলগীয়া ঘূৰণীয়া মেজমেলৰ অধ্যক্ষতা কৰিব। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা কৰাৰ উদ্দেশ্যে লুক্সেমবার্গৰ উপ-প্রধানমন্ত্রী জেভিয়াৰ বেটেলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ‘ব।
Assamese | October 23, 2025 12:05 PM | Piush gowel
অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি পীযূষ গোবেল জার্মানীলৈ যাব