June 11, 2026 11:44 AM | Padmapani bora

printer

গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ’ব বুলি পদ্মপাণি বৰাৰ প্ৰকাশ

অসম দেশৰ কনচাৰ্ট অর্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটনখণ্ডৰ লগতে বিভিন্নখণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পর্যটন উন্নয়ন নিগম, বুক মাই শ্ব’ আৰু ই-ৱাই-পার্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পর্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয়, যে কনচাৰ্ট অর্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত তিনিটাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ’ব বুলি প্ৰকাশ কৰে।

অসম উন্নয়ন পর্যটন নিগম লিমিটেড আৰু ই ৱাই পার্থেননৰ সহযোগত বুক মাই শ্ব’ই গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা ‘দা আছাম ব্লুপ্ৰিণ্ট : টার্মিং লাইভ মিউজিক ইক’নমি ইন টু এ ট্যুৰিজিম মাল্টিপ্লায়াৰ’ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পর্যটন, কর্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পর্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সু-পৰিকল্পিত ব্যৱস্থা গঢ়ি পর্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদি বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাৱদ্ধ নাৰাখি ধাৰাবাহিক অর্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি ৰূপান্তৰ কৰা হৈছে। সু-পৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা ৫ বছৰত অসমত ৭০০ কোটিতকৈ অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্ৰভাৱ সৃষ্টি হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।