July 28, 2026 11:48 AM | hiren bhattacharjee

printer

সুগন্ধি পখিলা কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন

আজি যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। ১৯৯২ চনত সাহিত্য একাডেমী বটাৰে সন্মানিত কবি হীৰেন ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ।

২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচার্য এগৰাকী প্রখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে।

১৯৭২ চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছত ক্রমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ’দ, মোৰ প্ৰিয় বর্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্রকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্র গীতৰ সংকলন।

তেওঁৰ কবিতাৰ শব্দ চয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্রখ্যাত কবি, গীতিকাৰ হীৰেন ভট্টাচাৰ্যই শিশুৰ বাবে ল’ৰা-ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালী শীর্ষক তিনিখন সংকলন ৰচনা কৰিছিল। ২০১২ চনৰ ৪ জুলাইত কবি ভট্টাচাৰ্যৰ মৃত্যু হয়।