অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্রকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৭ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্তেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ’ব। একেদৰে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু ২০২৭ চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ’ব। ৩১ মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ’ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব।
Assamese | June 11, 2026 11:39 AM | Assam Govt
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্রকাশ