কলা-সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে।
সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষি মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। ২০২৫ বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰি গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে।
কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এইবেলি দেশৰ মুঠ ৭ গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেল’শ্বিপ – ‘একাডেমী ৰত্ন’ প্ৰদান কৰা হৈছে।
সংগীত নাটক একাডেমীয়ে ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে ১০৮ গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে ১০৬গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে।