♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ’লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।
Assamese | April 2, 2024 7:21 PM | Army | Chhattisgarh | India Govt. | Indian Army | security forces
চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত