ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই কালি পাকিস্তানৰ ষড়যন্ত্ৰত হোৱা বিশাখাপট্টনম চোৰাংচোৱাগিৰি ঘটনা সন্দৰ্ভত দেশৰ ভালেমান ঠাইত তালাচী চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬টা স্থানত ব্যাপক তালাচী চলোৱা হয়। তদন্তকাৰী সংস্থাটোৱে তালাচী চলোৱা স্থানসমূহ ভাৰতত চোৰাংচোৱাগিৰি কৰিবলৈ পাকিস্তানৰ পৰা ধন লাভ কৰা সন্দেহযুক্ত লোকৰ সৈতে জড়িত আছে। সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, তালাচীৰ সময়ত মুঠ ২২টা মোবাইল ফোন আৰু বহুতো স্পৰ্শকাতৰ নথি পত্ৰ জব্দ কৰা হয়। উল্লেখযোগে যে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই যোৱা বছৰ দুজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল, য’ত এজন পাকিস্তানী নাগৰিক মীৰ বালাজ খানো জড়িত আছিল। তদন্তত প্ৰকাশ পাইছে যে মীৰ বালাজ খান আৰু এজন অভিযুক্ত আকাশ সোলাংকীৰ সৈতে চোৰাংচোৱা গোচৰত জড়িত আছিল। যোৱা বছৰৰ নৱেম্বৰত সংস্থাই আন দুজন অভিযুক্ত মনমোহন সুৰেন্দ্ৰ পাণ্ডা আৰু এলবেনৰ বিৰুদ্ধে পৰিপূৰক অভিযোগানামা দাখিল কৰিছিল। পাণ্ডাক গ্ৰেপ্তাৰ কৰা বিপৰীতে পাকিস্তানী চোৰাংচোৱাৰ বাবে কাম কৰা এলবেন এতিয়াও পলাতক হৈ আছে।
Assamese | August 29, 2024 7:10 PM | NIA Espionage
গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬ স্থানত এনআইএৰ ব্যাপক তালাচী